পৰিচয়



আধুনিক অসমীয়া কবিতাৰ এজন লেখত ল'বলগীয়া কবি হ'ল হীৰেন ভট্টাচাৰ্য ৷ তেখেতৰ জন্ম ১৯৩২ চনত যোৰহাটত ৷ পিতৃ স্বৰ্গীয় তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ স্বৰ্গীয়া স্নেহলতা ভট্টাচাৰ্য |  অসমীয়া কবিতা প্ৰেমীৰ বাবে তেওঁৰ পৰিচিত নাম হ''হীৰুদা' ৷  তেওঁক "প্ৰেম আৰু ৰ’দালিৰ কবি" নামেৰেও অসমীয়া সাহিত্য জগতত নামাংকন কৰা হৈছে |


বহু কম বয়সৰ পৰা কবিতা লিখিবলৈ আৰম্ভ কৰা হীৰেণ ভট্টাচাৰ্যৰ প্ৰথম কবিতাৰ প্ৰকাশ হয় ১৯৫৭ চনত ৷ তেওঁৰ প্ৰথম কবিতা পুথিৰ সংকলন 'মোৰ দেশ মোৰ প্ৰেমৰ কবিতা' প্ৰকাশ হয় ১৯৭২ চনত ৷ 'বিভিন্ন দিনৰ কবিতা' ১৯৭৪, 'কবিতাৰ ৰ'' ১৯৭৬ আৰু 'তোমাৰ গান' ১৯৭২ প্ৰকাশ পায় ৷  কবিৰ 'সুগন্ধি পখিলা (নিৰ্বাচিত কবিতা সংকলন ১৯৮১) আৰু 'শস্যৰ পথাৰ মানুহ' (সংগ্ৰহীত কবিতা ১৯৯১), 'মোৰ প্ৰিয় বৰ্ণমালা',  'ভালপোৱাৰ বোকা মাটি' , হীৰেন ভট্টাচাৰ্যৰ বাছকবনীয়া কবিতা, ২০০৩, তেওঁৰ কবিতাৰ আটাইতকৈ উজ্জল দিশ ৷ ইয়াৰ বাহিৰেও তেওঁ সৰু সৰু ল'ৰা-ছোৱালীৰ কাৰণে ১৯৯১ চনত ''ৰা ধেমালি'আৰু 'অকন ধেমালি'  প্ৰকাশ কৰে ৷ 'চিত্ৰবন', 'মনন' আৰু 'আন্তৰিক' নামে তিনিখন আলোচনীত তেওঁ সম্পাদনা কৰিছিল | ১৯৮৬ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ নগাঁও, কামপুৰৰ মাধৱ কন্দলি ক্ষেত্ৰৰ কবি সন্মিলনৰ তেখেত সভাপতি আছিল |


তেওঁৰ সাহিত্য কৰ্মৰ ওপৰত শ্ৰদ্ধা জনাই তেখেতক নিম্নোক্ত বটাঁসমূহৰে সন্মান জনোৱা হয় :- 

১)'বিষ্ণুৰাভা বঁটা' ১৯৫৮,
২)ভাৰতীয় বিদ্যাভৱনৰ প্ৰদান কৰা ১৯৮৪-৮৫ “ৰাজাজী পুৰস্কাৰ” |
৩)চোভিয়েট দেশ নেহেৰু বঁটা, ১৯৮৭
৪)সাহিত্য অকাডেমি বঁটা, ১৯৯২ |
৫)মেগৰ শিক্ষা ন্যাস প্ৰদত্ত “অসম উপত্যকা সাহিত্য বঁটা”, ২০০০ |


ভট্টাচাৰ্য্যৰ সৰু সৰু কবিতা কিছুমানৰ মাজত থকা এটা সুৰ এটা লয়ৰ কাৰণে পাঠকৰ মনৰ মাজত গভীৰ সাঁচ বহুৱায়  ৷  প্ৰকৃতি , প্ৰেম আৰু মানুহ তেওঁৰ কবিতাৰ প্ৰধান বিষয়বস্তু  ৷ 
                                                                                                               (অসমীয়া ৱিকিপিদিয়াৰ সহায় লৈ)





আলোকচিত্ৰত হীৰুদা আৰু তেখেতৰ পত্নী

 
কবিৰ একাষাৰ – দিল্লী, ১৭-০২-১৯৯৩ (সাহিত্য অকাডেমি পুৰস্কাৰ গ্ৰহন প্ৰসঙ্গত)




মই মাতৃভাষাৰ কবি |
আইৰ ভাষা ঠাইৰো ভাষা |
মোৰ চিৰ চেনেহী ভাষাৰে মই সমুখৰ এই মানুহ নিসৰ্গৰ
হাত ধৰি পৃথিৱীৰ বাটলৈ ওলাই আহিছোঁ |
লেখক সদায় পাঠক অভিমুখী |
পাঠকৰ মনৰ ঘৰৰ আলহী হোৱাৰ হেঁপাহ
সকলো লেখকৰেই আছে |
পাঠক একেধাৰে সাহিত্যৰ ধাৰক আৰু সংগঠক |
পাঠতেই সাহিত্যৰ জীৱন |
সৃজনশীল পাঠে মুকলি কৰে সাহিত্যৰ নতুন বাট |
পাঠকেই প্ৰকৃততে লেখকৰ সকলো কৃতিৰ উত্তৰাধিকাৰী |
জীৱন লৈয়েই কবিতা | সমাজৰ প্ৰতি লেখকৰ দায়-দায়িত্ব আছে |
মই লেখকৰ এই দায়বদ্ধতাৰ প্ৰতি শ্ৰদ্ধাশীল |

7 comments:

  1. প্ৰকাশ কৰা বাবে ধন্যবাদ যাচিলোঁ |

    ReplyDelete
  2. Its realy a nice contribution to Assamese literature. Thanks a lot.

    A well wisher.

    ReplyDelete
  3. He is my favourite. Long Live Hiruda.

    ReplyDelete
  4. ভাল প্রচেষ্টা !

    ReplyDelete
  5. হীৰুদা.....সুঁৱৰিছো তোমাক....

    ReplyDelete
  6. He is a gem of Assamese Poetry and literature. each of his words is something different.

    ReplyDelete